কোনোবাই দহ হাজাৰ, কোনোবাই এহাজাৰঃ ডাক্তৰৰ এই ফ্ৰীচ কোনে নিৰ্ধাৰণ কৰি দিছে? কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন...

 04/30/2024 - 22:33

ডিজিটেল ডেস্কঃ-  কোনো ডাক্তৰে ৰোগী চোৱাৰ বাবদ ১০হাজাৰ টকা লয় আৰু কোনো কোনোৱে ১০০০ৰ পৰা ৫০০টকা লয়। ডাক্তৰে লোৱা এই মাননি কোনে নিৰ্ধাৰণ কৰি দিছে- উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছে এই প্ৰশ্নৰ উত্তৰ। অতি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় দপ্তৰে উচ্চতম ন্যায়ালয়ৰ এই কঠিন প্ৰশ্নৰ উত্তৰ তথ্য সহকাৰে আদালতৰ মজিয়াত দাখিল কৰিব লাগিব।

উল্লেখ নকৰিলে নহব যে, শেহতীয়াকৈ ৰোগীক চোৱাৰ বাবদ ডাক্তৰসকলে গ্ৰহণ কৰা মাননিৰ সন্দৰ্ভত এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে। এই বিচাৰপীঠত আছিল বি আৰ গবই আৰু সন্দীপ মেহতা। দুয়োগৰাকী ন্যায়াধীশে শুনানি গ্ৰহণ কৰি উক্ত বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিহৰ ভিত্তিত আৰু কোনে এই মাননিৰ পৰ্যায় নিৰ্ধাৰণ কৰে তাকো স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

 

                                               

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।