যি টি কথা কৈ আজমলৰ ব্যক্তিত্ব নষ্ট কৰিছে অখিলে! কঠোৰ নিৰ্বাচন আয়োগ...

 05/04/2024 - 11:30
  • বিপদত অখিল গগৈ। 
  • অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী।
  • বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ AIUDFৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াৰ অভিযোগৰ ভিত্তিত ৪৮ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে। 
  • এ আই ইউ ডি এফে দাখিল কৰা অভিযোগ অনুসৰি, ভিত্তিহীন কিছু কথাৰে মানুহক বিপথে পৰিচালিত কৰা মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে।
  • অখিল গগৈৰ তেনে কাৰ্যই জনমানসত এগৰাকী ব্যক্তিৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰে বুলি এ আই ইউ ডি এফে অভিযোগ উত্থাপন কৰিছে।
  •  বিগত কেইটামান দিন ধৰি অখিল গগৈয়ে ধুবুৰীত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।
  • লোকসভা সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইনৰ হৈ ভিন্ন প্ৰান্ত বিশাল বিশাল জনসভা সম্বোধন কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।