গুজৰাটী বনিয়াৰ ওচৰত বিক্ৰী আমাৰ স্বাভিমান...

 05/04/2024 - 17:30
  • তফিকউদ্দিন আহমেদ
এপদ এপদকৈ অসমৰ সম্পদ বহিৰাগতক গতাই দিয়া হৈছে ৷ অসমৰ বিমান বন্দৰ গ’ল, সোনকালে হয়তো ঐতিহাসিক দীঘলীপুখুৰীৰ লগতে কাছাৰীৰ বৃহৎ ভূখণ্ড বহিৰাগতৰ হাতত যাব ৷ আমাৰ চৰকাৰ ইমানেই গুজৰাটী বনিয়াৰ কব্জাত বন্দী হৈছে যে অসমৰ আপুৰুগীয়া জীৱজন্তু কেইটাকো গুজৰাটী বনিয়াক দান দি জাতিবৈৰী ভূমিকা লৈছে ৷ হয়তো অতি সোনকালে অসমৰ ৰাজ্যিক চিৰিয়াখানাখন বিলুপ্তি হ’ব ইয়াৰ জীৱজন্তুবোৰে গুজৰাটৰ আম্বাণীৰ ব্যক্তিগত চিৰিয়াখানাৰ শোভাবৰ্ধন কৰিব!
 
এখন ব্যক্তিগত চিৰিয়াখানাৰ প্ৰতি কিয় ইমান দৰদ বিজেপি চৰকাৰৰ! কিয় অসমখন ধ্বংস কৰি আম্বাণীৰ ব্যক্তিগত চখ পূৰণ কৰিব বিচাৰিছে চৰকাৰে ! আমাৰ অসমৰ সকলো সম্পদ আমাৰ গৌৰৱৰ, ইয়াত থকা বনজ সম্পদৰ পৰা আৰম্ভ কৰি তৈলজাত সম্পদলৈ সকলোতে অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিছিল কিন্ত আমাৰ এই সম্পদৰ ওপৰত বহিৰাগতই বেছি অধিকাৰ সাব্যস্ত কৰি আহিছে ৷  দীৰ্ঘদিনৰ পৰা অসমৰ সম্পদৰ ওপৰত লুণ্ঠন চলাই থকা হৈছে ৷ অসমৰ কয়লাৰ পৰা কাঠলৈকে লুণ্ঠন চলি থকাৰ সময়তে যোৱা দুটা বছৰত অসমৰ মূল্যবান জীৱ-জন্তুৰ ওপৰতো চকু পৰিছে বহিৰাগতৰ ৷ 
 
গুজৰাটৰ জামনগৰত আম্বাণী পৰিয়ালে এখন ব্যক্তিগত চিৰিয়াখানা স্থাপন কৰিছে ৷ আচলতে জীৱ-জন্তুক উদ্ধাৰ কৰি সুৰক্ষা দিয়াৰ উদ্দেশ্যি এই চিৰিয়াখানাখন প্ৰতিষ্ঠা কৰা হৈছিল ৷ আম্বাণী পৰিয়ালৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহায়ত গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ ছ’চাইটি (GZRCS) নামৰ এই ব্যক্তিগত চিৰিয়াখানাখনক কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই (CZA)  অনুমতি প্ৰদান কৰি থৈছে ৷ এইখিনিলৈকে আমাৰ একো আপত্তি নাই বা থাকিব নোৱাৰে ৷
 
আম্বাণী পৰিয়ালৰ দ্বাৰা পৰিচালিত এই চিৰিয়াখানাখনত গুজৰাটৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা জীৱ-জন্তু বা দেশৰ অন্ত প্ৰান্তত উদ্ধাৰ হোৱা জীৱ-জন্তুক আশ্ৰয় দিয়াটো এক মহৎ কাম বুলিয়েই ক’ব লাগিব ৷ কিন্ত আম্বাণী পৰিয়ালৰ এই চিৰিয়াখানাখন মহৎ উদ্দেশ্যৰে স্থাপন হোৱা নাই যেন লাগে , এই চিৰিয়াখানাখন যেন অহংকাৰ আৰু আভিজাত্যৰ প্ৰতীকহে ৷ বিশ্বৰ আপুৰুগীয়া জীৱ-জন্তুক চিৰিয়াখানাখনত আৱদ্ধ কৰি আম্বাণী পৰিয়ালে বিশ্ববাসীক অন্যধৰণে আকৰ্ষিত কৰিব বিচাৰিছে ৷ এই ব্যক্তিগত চিৰিয়াখানাখনত চৰকাৰী চিৰিয়াখানাৰ জীৱ-জন্তু হস্তান্তৰ কৰি থকা হৈছে ৷ বিশেষকৈ অসমৰ আপুৰুগীয়া কিছুমান বন্যজন্তু এই ব্যক্তিগত চিৰিয়াখানাখনত ক্ষমতা দেখুৱাই আবদ্ধ কৰি ৰখা হৈছে ! অসমৰ লুপ্তপ্ৰায় জীৱজন্তুক গুজৰাটৰ ব্যক্তিগত চিৰিয়াখানাত নিবলৈ অনুমতি দিছে Central Zoo Authority ৰ লগতে অসম চৰকাৰে?
 
মুকেশ আম্বাণীৰ পুত্ৰ অনন্ত আম্বাণীৰ ব্যক্তিগত চখ পুৰাবলৈ কিয় অসমৰ চিৰিয়াখানা জীৱজন্তুক বিপদলৈ ঠেলি দিয়া হৈছে এই মুহূৰ্তত সেয়াও এক লাখটকীয়া প্ৰশ্ন ৷ সৰু ল’ৰাছোৱালী যি বিচাৰে মাক দেউতাকে দিয়াৰ লেখিয়াকৈ হয়তো বিজেপি চৰকাৰে আম্বাণী পৰিয়ালক সন্তুষ্ট কৰিবলৈ অনন্ত আম্বাণীৰ চিৰিয়াখানালৈকে জীৱ-জন্তু পঠিওৱাৰ অনুমতি দিছে ৷  অসমৰ জলবায়ু গুজৰাটৰ জলবায়ুৰ স’তে নিমিলে, একমাত্ৰ অসমত উপলব্ধ জীৱ-জন্তুবোৰ কিদৰে গুজৰাটৰ জলবায়ুত সুস্থ হৈ থাকিব পাৰিব সেয়াও চিন্তনীয় !
 
আম্বাণী পৰিয়ালে ব্যক্তিগত চিৰিয়াখানাখন বিশ্বৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা হিচাপে গঢ় দিবলৈ গৈ আছে ৷ হয়তো ইয়াত আম্বাণী পৰিয়ালৰ ব্যবসায় হ’ব বা বিশ্বত নিজকে ব্যতিক্ৰমী প্ৰকৃতিপ্ৰেমী বুলি দেখুৱাব ! কিন্ত কাৰোবাৰ অহংকাৰ অথবা ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমৰ জীৱ-জন্তুক ব্যৱহাৰ কিয় ব্যৱহাৰ কৰা হৈছে ! আম্বাণী পৰিয়ালক সন্তুষ্ট কৰাৰ বাবে অসমৰ জীৱ-জন্তুক বলি সজোৱা হৈছে নেকি? জীৱ-জন্তুৰ স’তে কিয় এই অন্যায় ?
 ২০২২বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বাণী পৰিয়ালৰ জামনগৰত থকা চিৰিয়াখানালৈকে দুটাকৈ গড়সহ বিভিন্ন প্ৰজাতিৰ ৬৬বিধ জীৱজন্তু পঠিওৱা হৈছে ৷ তাৰপাছত পুনৰ দুটাকৈ ব্লেকপেন্থাৰ আৰু হাতী প্ৰেৰণ কৰা হৈছে৷ ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বাণীৰ জামনগৰৰ চিৰিয়াখানালৈকে ব্লেক পেন্থাৰ পঠিওৱাৰ বিনিময়ত ৪টাকৈ জেব্ৰা পঠিওৱাৰ চুক্তি আছিল আছিল ৷
 
নিয়মতে এখন চিৰিয়াখানাৰ পৰা আন এখন চিৰিয়াখানালৈকে জীৱজন্তু আদান প্ৰদানৰ চুক্তি হ’ব পাৰে ৷ এইক্ষেত্ৰত Central Zoo Authority আৰু সংশ্লিষ্ট ৰাজ্যিক চৰকাৰৰ বন বিভাগৰ পৰা অনুমতিৰ প্ৰয়োজন ৷ যথেষ্ট নীতিনিয়মৰ মাজেৰে জন্তু সৰবৰাহ কৰিব পাৰে যদিও আম্বাণী পৰিয়ালে চুক্তি মতে জেব্ৰা পঠিওৱাৰ বিপৰীতে বাহনহে পঠিয়াই ৷ দুটাকৈ ব্লেকপেন্থাৰ আৰু বাঘৰ বিনিময়ত ৰিলায়েঞ্চ গ্ৰুপে ৰাজ্যিক চিৰিয়াখানালৈকে মাত্ৰ দুখন ইছুজু বাহন পঠিয়াই দায়িত্ব সামৰে ৷ অসম এতিয়া জীৱজন্তু সৰবৰাহৰ ট্ৰেনজিট কেম্পত পৰিণত হৈছে ৷ অসমৰ লগতে অৰুণাচল, ত্ৰিপুৰাৰ পৰাও হাতী আৰু অন্যান্য জীৱজন্তু আম্বাণীৰ চিৰিয়াখানালৈকে নিয়া হৈছে ৷
 
আচৰিত কথাটো হ’ল বিভিন্ন চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা জীৱজন্তু আম্বাণীক গটোৱা হৈছে ৷ অসমত জব্দ হোৱা বিভিন্ন দেশীবিদেশী জীৱজন্তু সকলো নীতিনিয়ম ভৰিৰে মোহাৰি অতি কম সময়ৰ ভিতৰত আম্বাণী পৰিয়ালৰ চিৰিয়াখানালৈকে পঠিওৱা হৈছে ৷ আম্বাণীৰ প্ৰেমত গদগদ হৈ থকা মোডী চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰে অসমৰ সম্পদ গুজৰাটী বনিয়াক গতাই দি এক এক অন্যায় কৰিছে ৷ হয়তো, সোনকালে অসমৰ ৰাজ্যিক চিৰিয়াখানাখন ধ্বংস কৰি চিৰিয়াখানাখনৰ বৃহৎ ভূখণ্ড আম্বাণী বা আদানিক দান কৰিব চৰকাৰে ! আমি চৰকাৰৰ এই অন্যায় নীৰৱে সহ্য কৰি যাব লাগিব ৷ কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব ! মানুহবোৰ যেন এতিয়া হিতাধিকাৰী হ’ল ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।